খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 বংশাৱলি 3

1হিব্ৰোণত জন্ম হোৱা দায়ূদৰ সন্তান সকলৰ নাম: তেওঁৰ প্ৰথম পুত্র অম্নোন, তেওঁ যিজ্ৰিয়েলীয়া অহীনোৱমৰ পুত্র; দ্বিতীয় দানিয়েল, তেওঁ কৰ্মিলীয়া অবীগলৰ পুত্র;

2তৃতীয় অবচালোম, তেওঁ গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ পুত্র; চতুৰ্থ অদোনীয়া, তেওঁ হগ্গীতৰ পুত্র;

3পঞ্চম চফটিয়া, তেওঁ অবীটলৰ পুত্র; ষষ্ঠ যিত্ৰিয়ম, তেওঁৰ ভাৰ্যা ইগ্লাৰ পুত্র;

4দায়ূদৰ এই ছয়জন পুত্র হিব্ৰোণত জন্ম হৈছিল; এই ঠাইত তেওঁ সাত বছৰ ছমাহ ৰাজত্ব কৰিছিল। তাৰ পাছত তেওঁ যিৰূচালেমত তেত্ৰিশ বছৰ ৰাজত্ব কৰিছিল।

5যিৰূচালেমত অম্মীয়েলৰ জীয়েক বৎ-চূৱাৰ পৰা জন্মা তেওঁৰ চাৰি জন পুত্রৰ নাম: চিমিয়া, চোবব, নাথন, আৰু চলোমন।

6দায়ূদৰ আন আৰু ন জন পুত্রৰ নাম যিভৰ, ইলীচামা, ইলীফেলট,

7নোগহ, নেফগ, যাফীয়া,

8ইলীচামা, ইলিয়াদা, আৰু ইলীফেলট,

9উপপত্নীসকলৰ পৰা হোৱা সন্তান সকলক বাদ দি এইসকলো দায়ূদৰ সন্তান; তামাৰ তেওঁলোকৰ ভনীয়েক আছিল।

10চলোমনৰ পুত্র ৰহবিয়াম। ৰহবিয়ামৰ পুত্র অবিয়া। অবিয়াৰ পুত্র আচা। আচাৰ পুত্র যিহোচাফট;

11যিহোচাফটৰ পুত্র যোৰাম; যোৰামৰ পুত্র অহজিয়া; অহজিয়াৰ পুত্র যোৱাচ;

12যোৱাচৰ পুত্র অমচিয়া; অমচিয়াৰ পুত্র অজৰিয়া; অজৰিয়াৰ পুত্র যোথম; যোথমৰ পুত্র আহজ;

13আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;

14মনচিৰ পুত্র আমোন; আমোনৰ পুত্র যোচিয়া।

15যোচিয়াৰ প্ৰথম পুত্র যোহানন, দ্বিতীয় যিহোয়াকীম, তৃতীয় চিদিকিয়া, আৰু চতুৰ্থ চল্লুম।

16যিহোয়াকীমৰ পুত্র যকনিয়া, শেষৰ জন ৰজা আছিল চিদিকিয়া।

17বন্দী কৰি নিয়া যকনিয়াৰ পুত্রসকল, চল্টীয়েল,

18মল্কিৰাম, পদায়া, চিনচৰ, যকমিয়া, হোচামা, আৰু নদবিয়া।

19পদায়াৰ পুত্র জৰুব্বাবিল আৰু চিমিয়ী; জৰুব্বাবিলৰ পুত্র মচূল্লম আৰু হননিয়া; আৰু চলোমীৎ তেওঁলোকৰ ভনীয়েক আছিল।

20তেওঁৰ আন পাঁচ জন পুত্র হ’ল হচূবা, ওহেল, বেৰেখিয়া, হচদিয়া আৰু যুচবহচেদ।

21হননিয়াৰ বংশধৰ সকল পলটিয়া, যিচয়া আৰু ৰফায়াৰ সন্তান সকল হ’ল অৰ্ণনৰ, ওবদিয়াৰ, আৰু চখনিয়া।

22চখনিয়াৰ পুত্র চমৰিয়া। আৰু চমৰিয়াৰ ছয় জন পুত্র হ’ল হটূচ, যিগাল, বাৰীহ, নিয়ৰিয়া, আৰু চাফট।

23নিয়ৰিয়াৰ তিনি জন পুত্র হ’ল ইলীয়োঐনয়, হিষ্কিয়া, আৰু অজ্ৰীকাম।

24ইলীয়োঐনয়ৰ সাত জন পুত্র হ’ল হোদবিয়া, ইলিয়াচীব, পলায়া, অক্কুব, যোহানন, দলায়া, আৰু অনানী।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath