খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 বংশাৱলি 24

1হাৰোণৰ বংশধৰ সকলৰ বিভাগসমূহ: নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।

2তেওঁলোকৰ পিতৃৰ মৃত্যু পূৰ্বেই নাদব আৰু অবীহূৰ মৃত্যু হয়। তেওঁলোকৰ সন্তান নাছিল, সেয়ে ইলিয়াজৰ আৰু ঈথামৰ পুৰোহিতৰ পৰিচৰ্যাত আছিল।

3দায়ূদে একেলগে ইলিয়াজৰৰ বংশৰ চাদোকক, আৰু ঈথামৰৰ বংশৰ অহীমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে।

4ঈথামৰৰ বংশধৰ সকলতকৈ ইলিয়াজৰৰ বংশধৰ সকলৰ মাজত নেতৃত্ব লোৱা লোক বেছি আছিল। সেয়ে তেওঁলোকে ইলিয়াজৰৰ বংশধৰ সকলক ষোল্লটা দলত বিভক্ত কৰিছিল। তেওঁলোক ঈথামৰৰ বংশধৰ আৰু গোষ্ঠীৰ মূৰব্বী সকলৰ দ্ৱাৰাই এই সকলো কৰিছিল।

5একো প্রভেদ নাৰাখি, তেওঁলোকক ইলিয়াজৰ আৰু ঈথামৰ দুয়োৰে বংশধৰ সকলৰ পৰা পবিত্রস্থানৰ কৰ্মচাৰীসকল, আৰু ঈশ্বৰৰ কৰ্মচাৰীসকলৰ বাবে একো প্রভেদ নাৰাখি, চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল।

6লেবীয়া বংশৰ নথনেলৰ পুত্ৰ চমৰিয়া লিখকে ৰজাৰ, কৰ্মচাৰীৰ, চাদোক পুৰোহিতৰ, অবিয়াথৰৰ পুত্ৰ অহীমেলকৰ, আৰু পুৰোহিত সকলৰ নেতা ও লেবীয়া পৰিয়াল সকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ঈথামৰৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্ৱাৰাই নিৰ্বাচন কৰা হৈছিল।

7প্ৰথম চিঠি খেলত যিহোয়াৰীবৰ, দ্বিতীয় যিদয়াৰ,

8তৃতীয়ৰ হাৰীমৰ, চতুৰ্থ চিয়োৰীমৰ,

9পঞ্চম মল্কিয়াৰ, ষষ্ঠ মিয়ামীনৰ,

10সপ্তম হক্কোচৰ, অষ্টম অবিয়াৰ,

11নৱম যেচূয়াৰ, দশম চখনিয়াৰ,

12একাদশ ইলীয়াচিবৰ, দ্বাদশ যাকীমৰ,

13ত্ৰয়োদশ হুপ্পাৰ, চতুৰ্দ্দশ যেচেবাবৰ,

14পঞ্চদশ বিলগাৰ, ষোড়শ ইম্মেৰৰ,

15সপ্তদশ হেজীৰৰ, অষ্টাদশ হপ্পিচেৰৰ,

16ঊনবিংশ পথহিয়াৰ, বিংশ যিহিষ্কেলৰ,

17একবিংশ যাখীনৰ, দ্বাবিংশ গামূলৰ,

18ত্ৰয়োবিংশ দলায়াৰ, চতুৰ্ব্বিংশ মাজিয়াৰ নাম উঠিল।

19যেতিয়া তেওঁলোকে যিহোৱাৰ গৃহলৈ আহিব তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকৰ ওপৰ-পিতৃ হাৰোণৰ দ্বাৰাই তেওঁলোকক দিয়া পদ্ধতিৰ দ্ৱাৰাই কৰা তেওঁলোকৰ পৰিচৰ্যাৰ আজ্ঞা সমূহ এইবিলাক আছিল।

20লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক: অম্ৰমৰ বংশধৰ সকলৰ মাজত চূবায়েল; চূবায়েলৰ বংশধৰ সকলৰ মাজত যেহদিয়া।

21অম্ৰমৰ বংশধৰ সকলৰ মাজত যিচিয়া নেতা আছিল।

22যিচহৰীয়াৰ বংশধৰ সকলৰ মাজত চলোমোৎ। চলোমোতৰ বংশধৰ সকলৰ মাজত যহৎ।

23হিব্ৰাণৰ বংশধৰ সকলৰ মাজত প্ৰথম যিৰিয়া, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।

24উজ্জীয়েলৰ বংশধৰ সকলৰ মাজত মীখা। মীখাৰ বংশধৰ সকলৰ মাজত চামীৰ।

25মীখাৰ ভায়েক যিচিয়া; যিচিয়াৰ পুত্র সকলৰ মাজত জখৰিয়া।

26মৰাৰীৰ বংশধৰ সকলৰ মাজত মহলী আৰু মুচী; যাজিয়াৰ বংশধৰসকলৰ মাজত বিনো।

27মৰাৰীৰ বংশধৰ সকলৰ মাজত যাজিয়া, বিনো, চোহম, জক্কুৰ, আৰু ইব্ৰী।

28মহলীৰ বংশধৰ সকলৰ মাজত ইলীয়াজৰ; এওঁৰ পুত্ৰ নাছিল।

29কীচৰ বংশধৰ সকলৰ মাজত যিৰহমেল।

30মুচী বংশধৰ সকলৰ মাজত মহলী, এদৰ, আৰু যিৰীমোৎ। তেওঁলোকৰ পৰিয়াল অনুসাৰে তালিকাত থকা লেবীয়াসকল এওঁলোক।

31দায়ুদ ৰজাৰ, চাদোকৰ, অহীমেলকৰ, আৰু পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়াল সকলৰ ডাঙৰ পুত্র সকলে সৰু সকলৰ লগত চিঠি খেলালে। হাৰোণৰ বংশধৰ সকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath