খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

1 বংশাৱলি 23

1যেতিয়া দায়ূদে বৃদ্ধ হৈ জীৱনৰ শেষ অৱস্থাত পালে, তেতিয়া তেওঁ তেওঁৰ পুত্ৰ চলোমনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।

2তেওঁ পুৰোহিত আৰু লেবীয়া সকলৰ সৈতে ইস্ৰায়েলৰ সকলো প্রধান লোকসকলক এক গোট কৰিলে।

3লেবীয়া সকলৰ ত্ৰিশ বছৰ আৰু তাৰ ওপৰৰ বয়সীয়া লোকসকলক গণনা কৰা হ’ল। তেওঁলোকৰ সংখ্যা আঠত্ৰিশ হাজাৰ আছিল।

4তেওঁলোকৰ মাজৰ চৌবিশ হাজাৰ লোকক যিহোৱাৰ গৃহৰ কাৰ্য কৰিবলৈ নিযুক্ত কৰা হ’ল আৰু ছয় হাজাৰ লোক কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তা আছিল।

5চাৰি হাজাৰ দুৱৰী আছিল; আৰু চাৰি হাজাৰ লোক বাদ্যযন্ত্ৰৰ সৈতে যিহোৱাৰ প্রশংসা কৰিবৰ বাবে আছিল; এই বিষয়ে দায়ূদে কৈছিল, “এইবোৰ মই আৰাধনা বাবে সাজিছোঁ”।

6দায়ূদে তেওঁলোকক লেবীয়া সকলৰ লগত যোগাযোগ কৰিবলৈ বিভিন্ন দলত বিভক্ত কৰিলে: গেৰ্চোন, কহাৎ, আৰু মৰাৰী।

7গেৰ্চোনীয়া সকলৰ বংশধৰ সকলৰ গোষ্ঠীৰ পৰা, তাত লদ্দন আৰু চিমিয়ীয়া আছিল।

8তাত লদ্দনৰ তিনি জন পুত্ৰ আছিল; যিহীয়েল মূখ্য লোক আছিল, তাৰ পাছত যেথম আৰু যোৱেল আছিল।

9চিমিয়ীৰ তিনি জন পুত্ৰ আছিল: চলোমৎ, হজীয়েল আৰু হাৰণ; এওঁলোক লদ্দনৰ গোষ্ঠীৰ মূখ্য লোক আছিল।

10চিমিয়ীৰ চাৰি জন পুত্ৰ আছিল: যহৎ, জীনা, যিয়ূচ আৰু বৰীয়া।

11তেওঁলোকৰ মাজত যহৎ ডাঙৰ আছিল, আৰু দ্বিতীয় জীজা, কিন্তু যিয়ূচ আৰু বৰীয়াৰ অধিক সন্তান নাছিল সেয়ে তেওঁলোক একে কামৰ বাবে একে গোষ্ঠীৰ বুলি বিবেচনা কৰা হৈছিল।

12কহাতৰ চাৰি জন পুত্ৰ আছিল: অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।

13অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।

14কিন্তু ঈশ্বৰৰ লোক মোচিৰ পুত্র সকলক লেবীয়া বুলি বিবেচনা কৰিছিল।

15মোচিৰ পুত্ৰ গেৰ্চোম আৰু ইলিয়েজৰ।

16গেৰ্চোমৰ বংশধৰ চবূৱেল, ডাঙৰ আছিল।

17ইলিয়েজৰৰ বংশধৰ ৰহবিয়া আছিল। ইলিয়েজৰৰ আৰু পুত্ৰ নাছিল, কিন্তু ৰহবিয়াৰ বহুতো বংশধৰ আছিল।

18যিচহৰৰ পুত্ৰ চলোমীৎ মুখ্য আছিল।

19হিব্ৰোণৰ বংশধৰ যিৰিয়া ডাঙৰ আছিল, দ্বিতীয় অমৰিয়া, তৃতীয় যহজীয়েল, আৰু চতুৰ্থ যিকমিয়াম।

20উজ্জীয়েলৰ পুত্ৰ মীখা ডাঙৰ আছিল, আৰু দ্বিতীয় যিচিয়া।

21মৰাৰীৰ পুত্ৰ মহলী আৰু মুচী আছিল। মহলীৰ পুত্ৰ ইলীয়াজ আৰু কীচ।

22ইলীয়াজৰৰ পুত্ৰ নোহোৱাকৈয়ে মৃত্যু হয়, তেওঁৰ কেৱল কেইজনী মান জীয়েক আছিল। কীচৰ পুত্ৰসকলে তেওঁলোকক বিয়া কৰাইছিল।

23মুচীৰ তিনি জন পুত্ৰ, মহলী, এদৰ, আৰু যিৰেমোৎ।

24এই লেবীয়াৰ বংশধৰ সকলে নিজৰ গোষ্ঠীৰ লগত যোগাযোগ কৰিছিল। তেওঁলোক নেতৃত্বত আছিল যাৰ নাম গণনা কৰা হৈছিল আৰু তালিকাত আছিল। যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা গোষ্ঠীৰ লোকসকল বিশ বছৰ আৰু তাৰ ওপৰ বয়সৰ আছিল।

25কাৰণ দায়ূদে কৈছিল, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই, তেওঁৰ লোকসকলক বিশ্ৰাম দিলে, তেওঁ সদাকালৰ বাবে নিজৰ গৃহ যিৰূচালেমত নিৰ্ম্মাণ কৰিলে।

26লেবীয়াসকলে আবাস, আৰু তেওঁৰ পৰিচৰ্যাত ব্যৱহাৰ কৰা সকলো সামগ্ৰী আৰু কঢ়িয়াব লগা নহব।”

27কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।

28তেওঁলোকে যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে হাৰোণৰ বংশধৰ সকলৰ সহায়কাৰী আছিল। তেওঁলোক চোতাল কেইখন, কোঁঠালিবোৰ, সকলো পবিত্ৰ বস্তু শুচি কৰা আৰু ঈশ্বৰৰ গৃহৰ আন সকলো কামৰ তত্বাৱধান কৰিছিল।

29তেওঁলোকে দৰ্শন-পিঠা, শষ্য উৎসৰ্গৰ বাবে মিহি আটাগুড়ি, খমিৰ নিদিয়া পিঠা, তাৱাত সেক দিয়া পিঠা, তেলত মিহলোৱা, আৰু সকলো জোখ আৰু পৰিমান চোৱাৰ তত্বাৱধানত আছিল।

30তেওঁলোকে প্ৰতি ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবেও থিয় হৈছিল।

31আৰু যিহোৱাৰ উদ্দেশে প্রতিদিনে বিধানৰ মতে, লেখ অনুসাৰে বিশ্ৰাম-বাৰত, আৰু ন-জোন উৎসৱত আৰু নিৰূপিত পৰ্ব্বতত যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিছিল।

32তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath