1 বংশাৱলি 19
1অম্মোনৰ লোকসকলৰ ৰজা নাহচৰ মৃত্যুৰ পাছত, তেওঁৰ পুত্র তেওঁৰ পদত ৰজা হ’ল।
2দায়ুদে ক’লে, “নাহচৰ পুত্র হানুনে মোৰ প্রতি দয়া দেখুৱাইছিল, সেয়ে মইও তেওঁলৈ দয়া কৰিম।” সেই বাবে দায়ূদে তেওঁৰ পিতৃক সান্তনা দিবলৈ বাৰ্তাবহক সকলক পঠালে। দায়ূদৰ দাসবোৰ অম্মোনৰ দেশত সোমাই হানূনক শান্তনা দিবলৈ তেওঁৰ ওচৰলৈ গ’ল।
3কিন্তু অম্মোনৰ প্রধান লোকসকলে হানুনক ক’লে, “দায়ুদে আপোনাক সান্তনা দিবলৈ মানুহ পঠিওৱাৰ বাবে, আপুনি ভাবিছেনে আপোনাৰ পিতৃক সচাঁকৈয়ে সন্মান কৰে?” আপোনাৰ দেশ ধ্বংস কৰিবলৈ তেওঁৰ দাসবোৰে অনুসন্ধান কৰি দেশৰ বুজ-বিচাৰ লবলৈ ইয়ালৈ আহিছে।
4সেয়ে হানুনে দায়ূদৰ দাস সকলক ধৰি তেওঁলোকৰ ডাঢ়ি খুৰালে, তেওঁলোকৰ পিন্ধা কাপোৰ ককালৰ পৰা তপিনালৈকে কাটি তেওঁলোকক যাবলৈ দিলে।
5যেতিয়া তেওঁলোকে দায়ূদক এই সকলো কথা ব্যাখ্যা কৰিলে, তেতিয়া তেওঁলোকে লাজ পোৱা বাবে তেওঁলোকক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ লগত মানুহ পঠালে, আৰু ৰজাই তেওঁলোকক আজ্ঞা দিলে, “তোমালোকৰ ডাঢ়ি নাবাঢ়ে মানে তোমালোক যিৰীহোত থাকা, তাৰ পাছত ওভটি আহিবা।
6যেতিয়া অম্মোনৰ লোকসকলে দেখিলে যে, দায়ূদৰ বাবে তেওঁলোক ঘিণলগীয়া হ’ল, হানুন আৰু অম্মোনৰ লোকসকলে অৰাম-নহৰয়িম, মাখা, আৰু চোবাৰ পৰা ৰথ আৰু অশ্বাৰোহীসকলক অনাৰ বাবে এক হাজাৰ কিক্কৰ ৰূপ পঠালে।
7তেওঁলোকে বত্ৰিশ হাজাৰ ৰথ, আৰু মাখাৰ ৰজা আৰু তেওঁৰ লোকসকলক ভাড়া দি আনিলে। তেওঁলোকে আহি মেদবাৰ আগত ছাউনি পাতিলে। অম্মোনৰ লোকসকলে নিজৰ নগৰৰ পৰা ওলাই গোট খাই যুদ্ধলৈ আহিল।
8যেতিয়া দায়ূদে এই কথা শুনিলে, তেওঁ যোৱাবক আৰু সকলো সৈন্যসকলক তেওঁলোকক সাক্ষাৎ কৰিবলৈ পঠালে।
9অম্মোনৰ লোকসকলক বাহিৰলৈ আহি নগৰৰ দুৱাৰত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যসকলে শাৰী পাতিলে, আৰু যি সকল ৰজা নিজে আহিছিল, তেওঁলোক পথাৰত আছিল।
10যেতিয়া যোৱাবে তেওঁৰ আগফালে আৰু পাছফালে, দুয়োফালে যুদ্ধৰ বাবে শাৰী পাতি থকা দেখিলে, তেতিয়া তেওঁ ইস্ৰায়েলৰ লোক সকলৰ মাজৰ পৰা পাৰ্গত যুদ্ধাৰু মনোনীত কৰিলে আৰু তেওঁলোকক অৰামীয়া সকলৰ বিৰুদ্ধে প্রস্তুত কৰিলে।
11অৱশিষ্ট সৈন্যসকলক নিজৰ ভায়েক অবীচয়ৰ শাসনত দিলে আৰু তেওঁ অম্মোনৰ সৈন্যসকলৰ বিৰুদ্ধে যুদ্ধৰ বাবে তেওঁলোকক শাৰী পাতিবলৈ দিলে।
12যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ অধিক বলৱান হয়, তেন্তে অবিচয় তুমি আহি মোক নিশ্চয় উদ্ধাৰ কৰিবা। কিন্তু যদি তোমাতকৈ অম্মোনৰ সৈন্যসকল অধিক বলৱান হয়, তেন্তে মই আহি তোমাক উদ্ধাৰ কৰিম।
13সাহিয়াল হোৱা, আমাৰ লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ কাৰণে আহাঁ আমি নিজকে সাহসী দেখুৱাওহঁক, কাৰণ যিহোৱাই তেওঁৰ উদ্দেশে যি ভাল, তাকেই কৰক।”
14সেয়ে যোৱাব আৰু তেওঁৰ সৈন্যৰ যোৱানসকলে অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগুৱাই গ’ল, যি জনে ইস্রায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাই যাবলৈ বাধ্য কৰালে।
15যেতিয়া অম্মোনৰ সৈন্যসকলে অৰামীয়াসকলক পলাই যোৱা দেখিলে, তেওঁলোকেও যোৱাবৰ ভায়েক অবীচয়ৰ আগৰ পৰা পলাই নগৰলৈ ঘূৰি গ’ল। তেতিয়া যোৱাব অম্মোনৰ লোকসকলৰ পৰা ঘূৰি আহিল আৰু যিৰূচালেমলৈ উভতি গ’ল।
16যেতিয়া অৰামীয়াসকলে ইস্ৰায়েলৰ দ্ৱাৰাই পৰাজিত হোৱা দেখিলে, তেতিয়া তেওঁলোকক পুনৰ শক্তিশালী কৰিবলৈ ইফ্রাতীচ নদীৰ সিপাৰে হদদেজৰৰ সৈন্যৰ সেনাপতি চোফকৰ লগত পঠিয়ালে।
17যেতিয়া দায়ুদে এই কথা ক’লে, তেওঁ সকলো ইস্ৰায়েল লোকসকলক একগোট কৰি, যৰ্দ্দন পাৰ হৈ তেওঁলোকৰ ওচৰলৈ আহিল। তেওঁ অৰামীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্যসকলক প্রস্তুত কৰিলে, আৰু তেওঁলোকে তেওঁৰ সৈতে যুদ্ধ কৰিলে।
18অৰামীয়াসকল ইস্ৰায়েলৰ পৰা পলাল, আৰু দায়ূদে সাত হাজাৰ ৰথী, চল্লিশ হাজাৰ পদাতিক সৈন্যক বধ কৰিলে। তেওঁ সৈন্যৰ সেনাপতি চোফকো বধ কৰিলে।
19যি সকল ৰজা হদদেজৰৰ দাস আছিল, তেওঁলোকে দেখিলে যে, তেওঁলোক ইস্রায়েলৰ দ্ৱাৰাই পৰাজিত হৈছে, তেতিয়া তেওঁলোকে দায়ূদৰ লগত শান্তি স্থাপন কৰিলে আৰু তেওঁলোকৰ পৰিচৰ্যা কৰিলে। অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক যিকোনো প্রকাৰে সহায় কৰিবলৈ ভয় কৰিলে। সেয়ে অৰামীয়া লোকসকলে অম্মোনৰ লোকসকলক কোনোপধ্যেই সহায় কৰিবলৈ ইচ্ছা নকৰিলে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath