1 বংশাৱলি 12
1যি সময়ত তেওঁ কীচৰ পুত্ৰ চৌলৰ সন্মুখৰ পৰা পলাই আছিল, সেই সময়ত চিক্লগলৈ দায়ুদৰ ওচৰলৈ অহা লোকসকল এওঁলোক। তেওঁলোক যুদ্ধত তেওঁক সহায় কৰা সৈনিকৰ মাজৰ আছিল।
2তেওঁলোক ধনুৰ্দ্ধৰ, সোঁ আৰু বাওঁ হাতেৰে ফিঙ্গাৰ শিল মাৰিবলৈ, আৰু ধনুৰে কাঁড় মাৰিবলৈ নিপুণ আছিল। তেওঁলোক বিন্যামীনীয়া চৌলৰ জাতিৰ লোক আছিল।
3প্ৰধান অহীয়েজৰ আছিল, তেওঁৰ পাছত যোৱাচ তেওঁলোক দুয়োজনে গিবিয়াতীয়াৰ চমায়াৰ পুত্ৰ। অজমাবতৰ দুজন পুত্ৰ যিজীয়েল আৰু পেলট, এওঁলোকৰ মাজত বৰাখা ও অনাথোতীয়া যেহূও আছিল,
4ত্ৰিশ জনৰ মাজত এজন সৈনিক আৰু ত্ৰিশ জনৰ ওপৰত নিযুক্ত সেনাপতি গিবিয়োনীয়া যিচময়া আছিল, যিৰিমিয়া, জহজীয়েল, যোহানন, আৰু গদেৰোথীয়া যোজাব,
5ইলিয়ুজ, যিৰিমোৎ, বিয়লিয়া, চমৰিয়া, আৰু হৰুফীয়া চফটিয়া,
6ইলকানা, যিচিয়া, অজৰেল, যোৱেজৰ, আৰু যাচবিয়াম, এওঁলোক কোৰহীয়া লোক, আৰু
7গদোৰৰ যিৰোহমৰ পুত্ৰ যোৱেল আৰু জবদিয়া।
8গাদীয়াসকলৰ মাজৰ কিছুমান লোকে মৰুপ্রান্তৰ দুৰ্গত দায়ূদৰ লগত যোগ দিছিল। তেওঁলোক যুদ্ধাৰু, যুদ্ধৰ বাবে প্রশিক্ষণ প্রাপ্ত, তেওঁলোক ঢাল আৰু যাঠী ধৰাত সক্ষম আছিল; তেওঁলোকৰ মুখ সিংহৰ মুখৰ দৰে আছিল। তেওঁলোক পৰ্বতত থকা হৰিণাৰ নিচিনা বেগী আছিল।
9তেওঁলোকৰ মাজত এজৰ নেতা আছিল, দ্বিতীয় ওবদিয়া, তৃতীয় ইলীয়াব,
10চতুৰ্থ মিচমন্না, পঞ্চম যিৰিমিয়া,
11ষষ্ঠ অত্তয়, সপ্তম ইলীয়েল,
12অষ্টম যোহানন, নৱম ইলজাবদ,
13দশম যিৰিমিয়া, আৰু একাদশ মগবন্নয়।
14গাদৰ পুত্রসকল সৈনিকসকলৰ সেনাপতি আছিল। যি জন সৰু, তেওঁ এশ জনক, আৰু যি জন ডাঙৰ, তেওঁ এক হাজাৰ জনক নেতৃত্ব দিছিল।
15তেওঁলোক প্ৰথম মাহত যৰ্দ্দন পাৰ হৈছিল, যেতিয়া ইয়াৰ পানী দুয়োপাৰে বাগৰি পাৰ হয়, এনে সময়ত তেওঁলোক পাৰ হৈ, পূব আৰু পশ্চিম দুয়ো দিশৰ উপত্যকাত বাস কৰা সকলক খেদিছিল।
16বিন্যামীনৰ আৰু যিহূদাৰ মাজৰ কিছুমান লোক দায়ূদৰ দুৰ্গলৈ আহিল।
17দায়ূদে তেওঁলোকক সাক্ষাৎ কৰিবৰ বাবে বাহিৰ ওলাই তেওঁলোকক সম্বোধন কৰি ক’লে, “যদি তোমালোকে মোক শান্তনা দিবৰ বাবে মোৰ ওচৰলৈ আহিছা, তেনেহ’লে তোমালোকে মোৰ সৈতে যোগ দিব পাৰা। কিন্তু, যদি বিশ্বাস-ঘাত কৰি মোৰ শত্রুবোৰক মোক শোধাই দিবলৈ আহিছা, তেনেহ’লে আমাৰ ওপৰ-পিতৃসকলৰ ঈশ্ৱৰে চাওক আৰু তোমালোকক দণ্ড দিয়ক, কাৰণ এতিয়ালৈকে মই একো ভুল কৰা নাই।”
18তাৰ পাছত ত্ৰিশ জনৰ ওপৰত সেনাপতি হৈ থকা অমাচয়ৰ ওপৰত আত্মাই স্থিতি ল’লে। অমাচয়ে ক’লে, “হে দায়ুদ, আমি তোমাৰেই। যিচয়ৰ পুত্ৰ, আমি তোমাৰ ফলীয়া। শান্তি হওক, তোমাক যি সকলে সহায় কৰে তেওঁৰো শান্তি হওক। তোমাক সহায় কৰা সকলৰো শান্তি হওক, কিয়নো তোমাৰ ঈশ্বৰে তোমাক সহায় কৰিছে।” তেতিয়া দায়ূদে তেওঁলোকক গ্ৰহণ কৰি নিজৰ সৈন্যদলৰ সেনাপতি পাতিলে।
19চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”
20দায়ুদ যেতিয়া চিক্লগলৈ গ’ল, তেতিয়া মনচিৰ যিসকল লোকে তেওঁৰ সৈতে যোগ দিছিল, তেওঁলোক হ’ল অদলহ, যোজাবদ, যিদীয়েল, মীখায়েল, যোজাবদ, ইলীহূ, আৰু চিল্লাথয়, মনচি সহস্রপতি আছিল।
21তেওঁলোকে দায়ূদক ডকাইত-দলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায় কৰিলে, কাৰণ তেওঁলোক যুদ্ধাৰু আছিল। তাৰ পাছত তেওঁলোক সৈনিকৰ সেনাপতি হৈছিল।
22দিনে দিনে, দায়ূদক সহায় কৰিবৰ বাবে লোকসকল আহি আছিল, যেতিয়ালৈকে তাত ঈশ্বৰৰ সৈন্যদলৰ দৰে এটা মহাসৈন্যদল গঠন নহ’ল।
23যুদ্ধলৈ সু-সজ্জিত সৈন্য দলৰ এইখন লিপিৱদ্ধ নথি পত্র, যি সকল হিব্ৰোণলৈ দায়ূদৰ ওচৰলৈ আহিছিল, যাতে যিহোৱাৰ বাক্য অনুসাৰে চৌলৰ পৰা ৰাজ্য লৈ তেওঁক দিব পাৰে।
24যিহূদাৰ যি সকল লোক ঢাল আৰু যাঠী ধৰি যুদ্ধলৈ সাজো হৈছিল তেওঁলোক ছয় হাজাৰ আঠ শ আছিল।
25চিমিয়োন সকলৰ পৰা সাত হাজাৰ এশ যুদ্ধাৰু আছিল।
26লেবী সকলৰ পৰা চাৰি হাজাৰ ছশ যুদ্ধাৰু আছিল।
27যিহোয়াদা হাৰোণৰ বংশৰ প্রধান লোক আছিল, আৰু তেওঁৰ সৈতে তিনি হাজাৰ সাত শ লোক আছিল।
28চাদোকৰ সৈতে, এজন ডেকা বীৰ আৰু সাহসী ব্যক্তি আছিল, তেওঁৰ পিতৃৰ পৰিয়ালৰ পৰা বাইশ জন প্রধান লোক আছিল।
29বিন্যামীনৰ পৰা চৌলৰ জাতিৰ তিনি হাজাৰ লোক আছিল। এই সময়লৈকে তেওঁলোকৰ বেছি ভাগ লোক চৌলৰ বিশ্ৱাসী হৈ আছিল।
30ইফ্ৰয়িম সকলৰ মাজত বিশ হাজাৰ আঠ শ যুদ্ধাৰু আছিল, তেওঁলোক নিজৰ পিতৃ পৰিয়ালত নামজ্বলা লোক আছিল।
31মনচিৰ আধা জাতিৰ পৰা ওঠৰ হাজাৰ নামজ্বলা লোক আছিল, এওঁলোকে দায়ূদক ৰজা পাতিবলৈ আহিছিল।
32ইচাখৰৰ পৰা দুশ প্ৰধান লোক আছিল। এওঁলোকে সেই সময়ৰ সকলো কথা জানিছিল আৰু ইস্ৰায়েলে কি কৰা উচিত, সেই বিষয়েও তেওঁলোকে জানিছিল। তেওঁলোকৰ সম্পৰ্কীয় লোকসকলে আজ্ঞাৰ অধীনত আছিল।
33জবূলূনৰ মাজত পঞ্চাশ হাজাৰ যুদ্ধাৰু লোক যুদ্ধৰ বাবে প্রস্তুত হৈ সকলো প্ৰকাৰ যুদ্ধৰ অস্ত্ৰ লগত লৈ আৰু দুই মন নোহোৱাকৈ বিশ্ৱাসী হৈ যুদ্ধ কৰিবলৈ প্রস্তুত আছিল।
34নপ্তালীৰ মাজত এক হাজাৰ কৰ্মচাৰী, আৰু তেওঁলোকৰ লগত ঢাল আৰু যাঠী ধৰা সাতত্ৰিশ হাজাৰ লোক আছিল।
35দানীয়াসকলৰ মাজত আঠাইশ হাজাৰ ছশ লোক যুদ্ধৰ বাবে প্রস্তুত আছিল।
36আচেৰৰ মাজত যুদ্ধৰ বাবে চল্লিশ হাজাৰ লোক প্রস্তুত আছিল।
37যৰ্দ্দনৰ সিপাৰত থকা ৰূবেণীয়াসকলৰ, গাদীয়াসকলৰ, আৰু মনচিৰ আধা জাতিৰ মাজত যুদ্ধৰ বাবে সকলো প্ৰকাৰ অস্ত্ৰ ধৰা এক লাখ বিশ হাজাৰ লোক আছিল।
38সকলো সৈনিকসকল যুদ্ধৰ বাবে যুগুত হৈ দায়ূদক সকলো ইস্ৰায়েল লোক সকলৰ ওপৰত ৰজা পাতিবলৈ সম্পূৰ্ণ মনেৰে হিব্ৰোণলৈ আহিছিল। সকলো অৱশিষ্ট ইস্ৰায়েল লোকসকলে দায়ূদক ৰজা পাতিবলৈ সদ-ভাৱেৰে এক হৈছিল।
39তেওঁলোকে সেই ঠাইতে তিনি দিন দায়ূদৰ লগত ভোজন-পান কৰি থাকিল, কাৰণ তেওঁলোকৰ সম্বন্ধীয়সকলে তেওঁলোকৰ বাবে প্রয়োজনীয় বস্তু যুগুত কৰি থৈছিল।
40ওপৰেঞ্চি, যি সকল তেওঁলোকৰ ওচৰত আছিল, ইচাখৰ, জবূলূন, আৰু নপ্তালীৰ লোকসকলে গাধবোৰৰ পিঠিত পিঠা, উটবোৰ, খছৰবোৰ, আৰু ষাঁড়-গৰুবোৰ, ডিমৰুৰ শেকা পিঠা, কিচমিচৰ থোপা, দ্ৰাক্ষাৰস, আৰু তেল, ষাঁড় গৰুবোৰ আৰু মেৰ-ছাগ আনিছিল, কাৰণ ইস্ৰায়েলৰ লোকসকলে উৎসৱ পালন কৰি আছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath